শিক্ষাৰ্থীৰ বাবে যুগান্তকাৰী আবিষ্কাৰ ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা। সহজ ভাষাত এক শক্তিশালী প্ৰবন্ধ, উচ্চ বিদ্যালয়ৰ বাবে উপযোগী।
ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা
ভূমিকা
মানৱ সভ্যতাৰ ইতিহাসত বহু আবিষ্কাৰে মানুহৰ জীৱনক নতুন দিশ দিছে। সেইবোৰৰ ভিতৰত ইন্টাৰনেট হৈছে আধুনিক যুগৰ এক যুগান্তকাৰী আবিষ্কাৰ। ইন্টাৰনেটৰ সাহায্যে বিশ্বখন একেবাৰে সৰু গাঁও হিচাপে পৰিণত হৈছে। পঢ়াশুনা, যোগাযোগ, চিকিৎসা, বাণিজ্য, বিনোদন আদি সকলো ক্ষেত্ৰত ইন্টাৰনেটৰ প্ৰভাৱ স্পষ্ট। তথাপিও ইয়াৰ ভাল দিশৰ লগে লগে কেইটামান অসুবিধাও আছে।
ইন্টাৰনেটৰ সুবিধা
ইন্টাৰনেটৰ সুবিধা বহুত। প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ অৱদান গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীসকলে পাঠ্যপুস্তকত নথকা বহু তথ্য ইন্টাৰনেটৰ পৰা পায়। অনলাইন ক্লাছ, ই-বুক, গৱেষণামূলক প্ৰবন্ধ, ভিডিঅ’ লেকচাৰ আদি শিক্ষাৰ্থীৰ বাবে অমূল্য সম্পদ।
ইন্টাৰনেট যোগাযোগৰ ক্ষেত্ৰতো এক বিপ্লৱ আনিছে। ই-মেইল, ভিডিঅ’ কল, সামাজিক মাধ্যম আদিৰ মাধ্যমেৰে কোনো মানুহৰ সৈতে ক্ষণেকতে যোগাযোগ কৰিব পাৰি। দূৰত থকা আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে সহজে কথা পাতিব পৰা যায়।
বাণিজ্যৰ ক্ষেত্ৰতো ইন্টাৰনেট গুৰুত্বপূৰ্ণ। অনলাইন বেচা-কিনা, ই-কমাৰ্চ, ডিজিটেল পেমেণ্ট আদি ব্যৱস্থাই মানুহৰ জীৱন সহজ কৰিছে। চিকিৎসাৰ ক্ষেত্ৰতো ইন্টাৰনেট দৰকাৰী। দূৰবৰ্তী অঞ্চলৰ ৰোগীয়ে ডাক্তৰৰ পৰা অনলাইন পৰামৰ্শ ল’ব পাৰে।
বিনোদনৰ ক্ষেত্ৰতো ইন্টাৰনেট বিশেষ সহায়ক। সংগীত, চলচিত্ৰ, ক্ৰীড়া, গেম আদি যিকোনো সময়ত উপভোগ কৰিব পৰা যায়। ইয়াৰ ফলত মানুহৰ জীৱনত আনন্দৰ সংযোগ ঘটে।
ইন্টাৰনেটৰ অসুবিধা
ইন্টাৰনেটৰ কিছুমান অসুবিধাও উপেক্ষা কৰিব নোৱাৰি। শিক্ষাৰ্থীসকলৰ মাজত ইন্টাৰনেট আসক্তি এখন গুৰুত্বপূৰ্ণ সমস্যা। গেম বা সামাজিক মাধ্যমত অধিক সময় ব্যয় কৰিলে অধ্যয়ন ক্ষতিগ্ৰস্ত হয়।
ইন্টাৰনেটত উপলব্ধ সকলো তথ্য সঠিক নহয়। বহু সময়ত ভুল তথ্য বা ভ্ৰান্ত খবৰে মানুহক বিভ্ৰান্ত কৰি তোলে। গোপনীয়তাৰ সমস্যাও বহুল প্ৰচলিত। ব্যক্তিগত তথ্য চুৰি হোৱাৰ ঘটনা সাধারণ হৈ পৰিছে। হেকিং, অনলাইন ঠগি আৰু সাইবাৰ অপরাধ ইন্টাৰনেটৰ অপব্যৱহাৰৰ উদাহৰণ।
স্বাস্থ্যৰ ক্ষেত্ৰতো ইন্টাৰনেটৰ অতিৰিক্ত ব্যৱহাৰে ক্ষতিকাৰক প্ৰভাৱ পেলায়। ঘণ্টাৰ ঘণ্টা মোবাইল বা কম্পিউটাৰত বহি থাকিলে চকুৰ সমস্যা, শৰীৰৰ ক্লান্তি আৰু মানসিক চাপ বৃদ্ধি হয়। বিশেষকৈ কিশোৰ-কিশোৰীৰ বাবে এইটো বিপজ্জনক।
উপসংহাৰ
সারাংশত ক’ব পৰা যায়, ইন্টাৰনেট হৈছে এটা যুগান্তকাৰী আবিষ্কাৰ। ইয়াৰ সাহায্যে মানুহৰ জীৱন সহজ, সুকলম আৰু উন্নত হৈছে। তথাপিও ইয়াৰ আসক্তি আৰু অপব্যৱহাৰ এৰি দিয়াটো অত্যন্ত জরুৰী। শিক্ষাৰ্থীসকলে যদি সঠিকভাৱে, সময় সীমা ৰাখি, শিক্ষামূলক উদ্দেশ্যে ইন্টাৰনেট ব্যৱহাৰ কৰে, তেন্তে ইন্টাৰনেট তেওঁলোকৰ ভবিষ্যৎ গঢ়াৰ এক শক্তিশালী হাতিয়াৰ হব। 0 0 0
ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা: প্রশ্নোত্তৰ
প্ৰঃ ১. ইন্টাৰনেটৰ মুখ্য সুবিধা কি?
উঃ তথ্য লাভ, শিক্ষা, যোগাযোগ, বাণিজ্য আৰু বিনোদন।
প্ৰঃ ২. ইন্টাৰনেটৰ মুখ্য অসুবিধা কি?
উঃ আসক্তি, ভুল তথ্য, গোপনীয়তাৰ সমস্যা, স্বাস্থ্য সমস্যা আৰু অনলাইন অপরাধ।
প্ৰঃ ৩. শিক্ষাৰ্থীৰ বাবে ইন্টাৰনেট কিমান প্ৰয়োজনীয়?
উঃ অনলাইন শিক্ষা, প্ৰজেক্ট, গৱেষণা আৰু নতুন বিষয় শিকিবলৈ অতি প্ৰয়োজনীয়।
প্ৰঃ ৪. ইন্টাৰনেটৰ অপব্যৱহাৰ কেনেকৈ ৰোধ কৰিব পাৰি?
উঃ সময় সীমা ৰাখি ব্যৱহাৰ, সঠিক উদ্দেশ্যে ব্যৱহাৰ, আৰু পৰিয়ালৰ পৰামৰ্শ মানি চলিলে ৰোধ কৰিব পাৰি।
প্ৰঃ ৫. ইন্টাৰনেটৰ ভবিষ্যৎ কেনেকুৱা হব?
উঃ কৃত্ৰিম বুদ্ধিমত্তা, উন্নত শিক্ষা, চিকিৎসা আৰু বাণিজ্যৰ ক্ষেত্ৰত ইন্টাৰনেটৰ ভূমিকা আৰু বৃদ্ধি পাব।













